"মই তোমাৰ কিমান আপোন"
© ৺৺৺৺৺৺৺৺৺৺৺৺৺৺©
মোৰ নিৰৱতাই,
মোৰ ভাষা,
তোমাৰ নিষ্ঠুৰতাই,
মোক খুলি খুলি খায়৷
তোমাৰ হৃদয়ৰ তৰংগিত কম্পনে;
তোমাক কৈ দিব,
মই তোমাৰ কিমান আপোন?
মোক আৰু ঠেলি নিদিবা,
সৌ ঘ'ন কলা অমাৱস্যাৰ মাজত,
সহনশীলতা আৰু মোৰ নাই৷
কোনোদিনে নাহিবা কাষলৈ,
চেষ্টাও নকৰিবা,
তুমি আহিলে,
বাকশক্তি হেৰুৱাম মই৷
ঢাপলি মেলিম মৃত্যু উপত্যক্যা লৈ৷
জীয়াই থাকিব দিয়া,
মাথো আৰু কিছু ক্ষণ,
সময়ৰ লহৰত এদিন,
গুচি যাম বহু দূৰলৈ৷
কোনোদিনে নাহিম উভতি,
সুখ নিদিলেও তোমাৰ দু:খে,
স্মৃতিৰ মণিকোঠাত,
দু:খ সাগৰৰ ঢৌৱে ঢৌৱে,
ইপাৰে সিপাৰে,
পৰিভ্রমিত হম মই৷
মসাৰফ হুছেন
অভয়াপুৰী,বঙাইগাওঁ৷
মোৰ নিৰৱতাই,
মোৰ ভাষা,
তোমাৰ নিষ্ঠুৰতাই,
মোক খুলি খুলি খায়৷
তোমাৰ হৃদয়ৰ তৰংগিত কম্পনে;
তোমাক কৈ দিব,
মই তোমাৰ কিমান আপোন?
মোক আৰু ঠেলি নিদিবা,
সৌ ঘ'ন কলা অমাৱস্যাৰ মাজত,
সহনশীলতা আৰু মোৰ নাই৷
কোনোদিনে নাহিবা কাষলৈ,
চেষ্টাও নকৰিবা,
তুমি আহিলে,
বাকশক্তি হেৰুৱাম মই৷
ঢাপলি মেলিম মৃত্যু উপত্যক্যা লৈ৷
জীয়াই থাকিব দিয়া,
মাথো আৰু কিছু ক্ষণ,
সময়ৰ লহৰত এদিন,
গুচি যাম বহু দূৰলৈ৷
কোনোদিনে নাহিম উভতি,
সুখ নিদিলেও তোমাৰ দু:খে,
স্মৃতিৰ মণিকোঠাত,
দু:খ সাগৰৰ ঢৌৱে ঢৌৱে,
ইপাৰে সিপাৰে,
পৰিভ্রমিত হম মই৷
মসাৰফ হুছেন
অভয়াপুৰী,বঙাইগাওঁ৷
Click here Amazon shopping 🛒:-
Comments
Post a Comment